শ্বিলঙৰে গধূলি
শ্বিলঙৰে গধূলি
সপোন চহৰৰ মৰমী শৰতৰ
সোঁৱৰণি সোণালী ।
শ্বিলঙৰে গধূলি.
ৰঙীন বজাৰৰ পাৰ হৈ হৈ
শুদাকৈ ভৰিৰে দূবৰি গছকি গৈ
সৰু সৰু জিৰজিৰিয়া
নিজৰাৰ পাৰতে
পৰিবযে খুজিছিলোঁ পিছলি!
শ্বিলঙৰে গধূলি...
লাহে লাহে এন্ধাৰ হ'ল
তুমি আৰু ময়ে মিলি
দুয়োতেই হ'লোঁ মগন ।
দুটি মন-নিজৰা জলধি হৈ
যেন উৰি, উৰি উৰি উৰি ফুৰা জোনাকী পৰুৱাই
হাঁহি হাঁহি জোকালে
আমি হেনো উটি ফুৰা
দুটি মিঠা শৰতৰ শেৱালি
শ্বিলঙৰে গধূলি...।।
0 Comments