ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল'বা আহাঁ
সময় যে তাকৰ
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল'বা আহাঁ
আখৰা নেলাগে, নেলাগে পোছাক
নঙঠা হৈয় আহাঁ
ভুকাতুৰ পেটতে গামোচা বান্ধি
উন্মাদ হৈ আহাঁ
তেহে ৰহণ চৰিব নাটৰ
তেহে ৰহণ চৰিব নাটৰ
কোনে কি ভাও ল'বা ,আহাঁ
সময় যে তাকৰ ।
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ ..
কোনে কি ভাও ল'বা আহাঁ
সময় যে তাকৰ
পৰিচালকক সুধিবৰ হ'ল
মুখাৰে কিমান ঠগিবা
টেকনিক ভৰা নাটেৰে কিমান
নাটনিৰ নাট মেলিবা
সংলাপ নেলাগে মিঠা ভাষাৰ
আৰ্তনাদেৰেই কোঁৱা
দুষ্টজনকে চেতনাৰে যুঁজি
বীৰৰ যোগ্য হোৱা
তেহে ৰহণ চৰিব নাটৰ !
তেহে ৰহণ চৰিব নাটৰ !
কোনে কি ভাও ল'বা আহাঁ
সময় যে তাকৰ
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল'বা ,আহাঁ
সময় যে তাকৰ
ৰাইজ আজি ভাৱৰীয়া
দেশেই নাটঘৰ
কোনে কি ভাও ল'বা ,আহাঁ
সময় যে তাকৰ
0 Comments