মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
(মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা)×২
অভিনৱ মৰমেৰে ব্যাকুল কৰানা
মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা
(অস্থিৰ আৱেগৰ পৰশ লোৱানা
অভিমানী দুচকুত শান্তি দিয়ানা) ×২
অময়া মৰমৰ সুবাস হোৱানা
মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা
(তোমাতেই হয় শেষ কামনাৰ পৰিধি
এটি এটি পল মোৰ এই পৃথিৱী) ×২
কবিতা হৈ বুকুত তুমি সাৰ পোৱানা
(মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা) ×৩
0 Comments