Jilikabo Luitore Paar Lyrics in Assamese II জিলিকাব লুইতৰে পাৰ II Dr. Bhupen Hazarika

 

Jilikabo Luitore Paar Lyrics in Assamese II জিলিকাব লুইতৰে পাৰ II Dr. Bhupen Hazarika

জিলিকাব লুইতৰে পাৰ

জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ ।
শত শত বন্তিৰ
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ ।
জিলিকাব লুইতৰে পাৰ.......

সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ ।

সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাবটিব
মহান মানৱতা
সমাজে সাবটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ।
জিলিকাব লুইতৰে পাৰ
জিলিকাব লুইতৰে পাৰ.....

নতুনৰ গতি খেদা
ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰে ডাঁৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰে ডাঁৰ
জিলিকাব লুইতৰে পাৰ।
এন্ধাৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ ।
শত শত বন্তিৰ
জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ.......
জিলিকাব লুইতৰে পাৰ.......
জিলিকাব লুইতৰে পাৰ.......
জিলিকাব লুইতৰে পাৰ.......

Post a Comment

0 Comments