Jibone Morone Moi Sirodin Axomia Lyrics in Assamese II জীৱনে মৰণে মই চিৰদিন অসমীয়া II চৈয়দ আব্দুল মালিক II সংগীতা বৰঠাকুৰ

 

Jibone Morone Moi Sirodin Axomia Lyrics in Assamese II জীৱনে মৰণে মই চিৰদিন অসমীয়া II চৈয়দ আব্দুল মালিক II সংগীতা বৰঠাকুৰ

জীৱনে মৰণে মই চিৰদিন অসমীয়া

ৰচনা: চৈয়দ আব্দুল মালিক

কণ্ঠ: সংগীতা বৰঠাকুৰ


জীৱনে মৰণে মই চিৰদিন অসমীয়া

 জীৱনে মৰণে মই
চিৰদিন অসমীয়া
অসমীয়া দেহে-প্রাণে মই
জীয়াই থাকোঁতে
মই অসমৰে অসমীয়া
মৰিলেও বৰি ল’ম
অসমৰ অমিয়া মৰণ।

অসমৰ হকে যুঁজি
অসমৰ হকে মৰোঁ
ধৰ্ম মোৰ জাতি মোৰ
অসমীয়া প্রাণৰ আপোন।

অসমীয়া ভাষা মোৰ,
কথা মোৰ, গীত মোৰ
অসম প্রকৃতিয়ে ৰচা
চিনি পাম বুজি পাম
অমৰণ সৰগতো
মোৰ এই ভাষা অসমীয়া।



Post a Comment

0 Comments