Title: কিৱা যেন নাই আজি নাই (Kiba Jen Nai Aji Nai)
Lyrics: বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Prasad Rabha)
Category: ৰাভা সংগীত (Rabha Sangeet)
Assamese Version
কিৱা যেন নাই আজি নাই
আছে হুমূনিয়াহ হতাশ হিয়াত
কৰুণ বিননি হায়।
মেলি ধুমুহা তাইৰ ক'লা চুলিটাৰ
লুকুৱাই তৰা জোন কৰে যে এন্ধাৰ ।
ক'তেনো বা অকৰুণ সেই কাৰাগাৰ,
য'ত মোৰ প্ৰিয়া আছে মোৰ হিয়াত নাই ?
আছে হুমূনিয়াহ হতাশ হিয়াত
কৰুণ বিননি হায়
গৰজি ডাৱৰ তুলি বিজুলী নিচান,
দিয়ে শওনৰ বাৰিষাৰ সমিধান,
ঘনে ঘনে কপে মোৰ চকিত পৰাণ
লগে লগে হয় মোৰ জীৱন বিষাণ ।
আছে হুমূনিয়াহ হতাশ হিয়াত
কৰুণ বিননি হায়
বাহিৰত বৰষুণ পৰে ধাৰাষাৰ
দুুগালেদি বয় মোৰ চকুলো দুধাৰ
উচাতন কৰে মোৰ মন যে এষাৰ,
মোৰ প্ৰিয়া নাই! মোৰ প্ৰিয়া নাই ।
English Version
Kiba Jen Nai Aji Nai
Ase Humuniyah Hotash Hiyat
Korun Binoni Hai
Meli Dhumuha Tair Kola Sulitar
Lukuwai Tora Jun Kore Je Andhar
Kotenu ba akorun hai kaeagar
jot mur priya ase mur hiyat nai?
Ase Humuniyah hotash hiyat
Korun binoni hai
Goroji dawar tuli bijuli nisan
diye haunor barishar homidhan
ghone ghone kope mur sokit poran
loge loge hoi mur jibon bishan
Ase humuniyah hotash hiyat
korun binoni hai
Bahirot borokhun pore dharashar
dugaledi boi mur sokulu dudhar
ushaton kore mur mon je akhar
mur priya nai! mur priya nai!
Watch the Video.....
0 Comments